LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

গোঁসাইগাঁও ত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ সমিতিৰ উদ্যোগত মূল্যবৃদ্ধি ৰ প্ৰতিবাদত ধৰ্ণা আন্দোলন পালন: মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ।

গোঁসাইগাঁও ত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ সমিতিৰ উদ্যোগত মূল্যবৃদ্ধি ৰ প্ৰতিবাদত ধৰ্ণা আন্দোলন পালন: মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ।

আগন্তুক গাঁও পঞ্চায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণ ত নামনী অসমত মুঠ ৬৫ টা বিধানসভা ,৩টা লোকসভা আৰু শতাধিক গাঁও পঞ্চায়ত তথা জিলা পৰিষদ নিজৰ আয়ত্তত দখল কৰাৰ স্বাৰ্থত ইতিমধ্যে নিতৌ বিজেপি, অগপ ,ইউ পি পি এল ,কংগ্ৰেছ (ই) , আপ , চি পি আই (এম), অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আদিয়ে বিভিন্ন সাংগঠনিক সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।এনে এক সন্ধিক্ষণত পশ্চিমবঙ্গ ৰাজ্য ৰ মুখ্যমন্ত্ৰী অগ্নিকন্যা মমতা বেনাৰ্জী ৰ তৃণমূল কংগ্ৰেছৰ অসম শাখাই সমগ্ৰ ৰাজ্য খনৰ লগতে নামনী অসমতো নিজা সাংগঠনিক অভিযান অব্যাহত ৰাখিছে।সেইমতে আজি নামনী অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহুকুমাত জিলা তৃণমূল কংগ্ৰেছ সমিতিৰ উদ্যোগত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্যবৃদ্ধি ৰ প্ৰতিবাদত ধৰ্ণা আন্দোলনৰ কাৰ্যসূচী পালন কৰে। আৰু গোঁসাইগাঁও মহুকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন প্ৰতিবাদী লিখাৰে প্লে কাৰ্ড,বেনাৰ আদিৰে প্ৰায় সহস্ৰাধিক নেতা কৰ্মী আৰু সমৰ্থকে কেতবোৰ প্ৰতিবাদী ধ্বনি দি ধৰ্ণা আন্দোলন পালন কৰে।পিছত মহুকুমাধিপতি বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি বাতৰিটোত প্ৰকাশ।

Comments