আজি দিনৰ প্ৰায় এঘাৰ বজাত ভৱানীপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিআলিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ভৱানীপুৰ চাৰিআলিত অৱস্থিত ভৱানীপুৰ আৰক্ষীৰ ট্ৰেফিক পইণ্টটো সম্পূৰ্ণৰূপে চুচুৰ্মৈ হৈ পৰাৰ লগতে উক্ত সময়ছোৱাত কৰ্তব্যৰত তিনি আৰক্ষীয়ে ট্ৰেফিক পইণ্টটোৰ ওখ স্তম্ভৰ পৰা জপিয়াই কোনোমত প্ৰাণ ৰক্ষা কৰিবলৈ সমৰ্থ হয়।ইয়াৰে এগৰাকী আৰক্ষী কিছু আঘাতপ্ৰাপ্ত হোৱাৰ কথা জানিব পৰা গৈছে।
জানিব পৰা মতে ব্যস্তাতাপূৰ্ণ উক্ত সময়ছোৱাতে পশ্চিম দিশ অৰ্থাৎ হাউলীৰ ফালৰ পৰা অহা ডব্লিউ বি-৪৩ ২১০৫ নম্বৰ ট্ৰাকখনে তীব্ৰবেগেৰে আহি আৰক্ষীৰ ট্ৰেফিক পইণ্টটোত হঠাতে খুন্দা মাৰে।আনহাতে দূৰৈৰ পৰাই গাড়ীখনৰ গতিবিধি নিৰীক্ষণ কৰি থকা ট্ৰেফিক পইণ্টটোৰ আৰক্ষীয়ে অজান আশংকাৰ বিষয়ে আগতীয়াকৈ অনুমান কৰিব পাৰি কোনোমতে জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সমৰ্থ হয়।ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰা ট্ৰাক চালকগৰাকীৰ ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱাত ট্ৰাক চালক গৰাকীয়ে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাটো ধৰা পৰে।ঘটনা সম্পৰ্কত আৰক্ষীৰ জোৰ অনুসন্ধান অব্যাহত আছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰো আগছোৱাৰ যথেষ্ট ক্ষতি হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
Comments
Post a Comment