LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

চৰকাৰী বিদ্যালয়লৈ আশাৰ সঞ্চাৰ ::কোওঁটকুছি মজলীয়া বিদ্যালয়ত নাম ভৰ্তিৰ আবেদন প্ৰ-পত্ৰৰ বাবে দীঘলীয়া শাৰী

চৰকাৰী বিদ্যালয়লৈ আশাৰ সঞ্চাৰ ::কোওঁটকুছি মজলীয়া বিদ্যালয়ত নাম ভৰ্তিৰ আবেদন প্ৰ-পত্ৰৰ বাবে দীঘলীয়া শাৰী
যি সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা প্ৰকাশ কৰি একাংশ অভিভাবকে বেচৰকাৰী বিদ্যালয়ত নিজৰ লৰা ছোৱালীক নাম ভৰ্তি কৰি আহিছে সেই সময় ছোৱাত বৰপেটা জিলাৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ কাৰণে কেবা ঘন্টা দীঘলীয়া শাৰী পাতি প্ৰপত্ৰ সংগ্ৰহ কৰি অহা দৃশ্যই চৰকাৰী বিদ্যালয়ৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৷ তেনে এখন বিদ্যালয় হল বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্হিত শতবৰ্ষ গৰকা কেওঁটকুছি মজলীয়া বিদ্যালয় ৷ বৰপেটা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯১০ চনতে স্থাপিত এই মজলীয়া বিদ্যালয়ত নাম ভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে কেবাঘন্টা দীঘলীয়া শাৰী পাতি আবেদন পত্ৰ সংগ্ৰহ কৰি আহিছে ৷ আগন্তুক ২০২৩ - ২৪ শিক্ষা বৰ্ষৰ বাবে আজিৰে পৰা কেওঁটকুছি মজলীয়া বিদ্যালয়ত নাম ভৰ্তিৰ আবেদন প্ৰ-পত্ৰ দিয়া আৰম্ভ কৰিছে আৰু আজিৰে পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাবকৰ দীঘলীয়া শাৰী আৰম্ভ হৈছে ৷ শৈক্ষিক দিশত নাম থকা এই বিদ্যালয়ত প্ৰতি বছৰে নাম ভৰ্তি কৰিবলৈ অহা বহু ছাত্ৰ ছাত্ৰী নাম ভৰ্তি কৰিব নোৱাৰি উভতি যাব লগা হয় ৷বিদ্যালয়লৈ অহা চৰকাৰী আঁচনিৰ উপযুক্ত ব্যৱহাৰ, নিয়মিত পাঠদান, সহঃবিদ্যায়তনিক দিশত গুৰুত্ব প্ৰদান, জৈব বৈচিত্ৰ্য ক্ষেত্ৰ অধ্যয়ণ ভ্ৰমণ, সময়মতে পাঠদান, ডিজিটেল ক্লাচ ৰুমৰ ব্যৱহাৰ, সাহিত্য অধ্যয়নৰ বাবে পুঁথিভঁড়াল, প্ৰাচীৰ পত্ৰিকা, আলোচনী, সংগীত, খেলাধূলা আদি সকলো পিনৰ পৰাই নিয়মিত চৰ্চাৰে জিলাখনৰ লেখত লবলগীয়া কেওঁটকুছি মজলীয়া বিদ্যালয়ত নাম ভৰ্তিৰ বাবেই প্ৰতি বছৰেই ভিৰ পৰিলক্ষিত হৈ আহিছে ৷ চাৰি শতাধিক ছাত্ৰ ছাত্ৰীৰে পূৰ্ণ, এই বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনজিৎ বৰুৱাৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰাপ্ত এদল উদ্যমী শিক্ষক - শিক্ষয়িত্ৰীয়ে শৈক্ষিক বাতাবৰণ উন্নয়নৰ বাবে চেষ্টা চলাই আহিছে ৷ বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, আৰু সচেতন অভিভাৱকৰ নজৰত থকা বিদ্যালয় খনত নাম ভৰ্তিৰ বাবে হেতা ওপৰা লগা কথাই চৰকাৰী বিদ্যালয়লৈ আশাৰ সঞ্চাৰ কৰিছে ৷১৯১০ চনত বৃটিছ চৰকাৰৰ আমোলতে বৰপেটা চহৰৰ পূব প্ৰান্তৰ কেওঁটকুছিত অৱস্থিত কেওঁটকুছি মজলীয়া বিদ্যালয়ে এই বৰ্ষত শৈক্ষিক দিশ উন্নীত কৰাৰ বাবে কিছু নতুন চিন্তাৰে আগবাঢ়িছে ৷

Comments