LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বঙাইগাঁও জিলাৰ কায়েতপাৰাত গৰু চুৰি কৰিবলৈ ধৰা পৰিল চোৰ ৰাইজৰ উত্তম মাধ্যম : আৰক্ষী উপস্থিত হৈ আটক

বঙাইগাঁও  জিলাৰ কায়েতপাৰাত গৰু চুৰি কৰিবলৈ ধৰা পৰিল চোৰ ৰাইজৰ উত্তম মাধ্যম : আৰক্ষী উপস্থিত হৈ আটক
ৰাজ্য চৰকাৰে পশুধন সৰবৰাহৰ ক্ষেত্ৰত নতুন আইন বলবৎ হৈ থকাৰ সময়ত সমগ্ৰ নামনি অসমৰ প্ৰতিটো জিলাত দিনে নিশাই চোৰে গৰু চুৰি কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ বিক্ৰী কৰি প্ৰেৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইফালে এনে এক সন্ধিক্ষণত বঙাইগাঁও জিলাত বইটামাৰী অঞ্চলৰ কায়েতপাৰা গাঁওত নিশা গৰু চুৰি কৰিবলৈ আহি চোৰক ৰাইজে আটক কৰি মাৰ পিট কৰে। আৰু চাৰিটাকৈ গৰু চোৰ কৰি নাওঁ ত উঠোৱা শ্বাহ আলম নামৰ চোৰটোক ৰাইজে বান্ধি ৰাখি স্থানীয় আৰক্ষীক খবৰ দিয়ে ।ইয়াৰে মাজতে এজন চোৰ পলায়ন কৰে ।যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰ শ্বাহ আলমক আটক কৰি লৈ যায়।বিষয়টোৱে এতিয়া সমগ্ৰ নামনি অসমত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।



Comments