LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

আজিৰে পৰা আৰম্ভণি হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বঙাইগাঁও জিলা শাখাৰ শঙ্কৰী সঙ্গীতৰ সপ্তাহযোৰা প্ৰশিক্ষণ কৰ্মশালাৰ

আজিৰে পৰা আৰম্ভণি হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বঙাইগাঁও জিলা শাখাৰ শঙ্কৰী সঙ্গীতৰ সপ্তাহযোৰা প্ৰশিক্ষণ কৰ্মশালাৰ
 শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ বঙাইগাঁওৰ জিলা শাখাৰ উদ্যোগত. সংস্কৃতিক শাখাৰ সহযোগত আৰু জিলা সেৱাবাহিনীৰ ব্যৱস্থাপনাত বৰপাৰা ভাটিপাৰা নামঘৰ প্ৰাঙ্গণত আজিৰ পৰা ৭ (সাত) দিনীয়া শংকৰী সংগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ আৰম্ভণি হয়, গুৰুজনাৰ অমূল্য গীত বাদ্য নৃত্যৰ চৰ্চাৰ কৰ্মশালা ভাগিৰ উদ্বোধনী অনুষ্ঠানত সংস্কৃতি শাখাৰ সভাপতি কমিনী মোহন ৰায়ৰ সভাপতিত্বত জিলা সম্পাদক অজিত চৌধুৰী বাপে উদ্বোধন কৰা সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ সচিব শ্ৰীবসন্ত কলিতা বাপ, মূলৰ সদস্য শ্ৰীভৱেশ্বৰ ৰায়, আমন্ত্ৰিত অতিথি হিচাবে কোকৰাঝাৰ-চিৰাং জিলাশাখাৰ সম্পাদক অখিল ৰায় । বহুদিন অপেক্ষাৰ অন্তত আজিৰ পৰা আৰম্ভণি হোৱা এই সাতদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভনি সভা ভাগিৰ বিশেষকৈ ব্যৱস্থাপনাৰ দায়িত্বত থকা কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰাক্তন মুখ্য অধিনায়ক তপন কুমাৰ ৰায় আদিয়ে সেৱা আগবঢ়ায়।
 প্ৰায় ১০০ৰ অধিক প্রশিক্ষাৰ্থী উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শঙ্কৰী সঙ্গীতৰ শ্ৰীযুত ৰবিন ৰাভা বাপ, নৃত্যৰ বাবে কেন্দ্ৰীয় শিল্পী দলৰ সদস্যা দিম্পীমনি বৈশ্য আই লগতে খোলবাদনত স্থানীয় প্ৰশিক্ষক হিচাপে কুঞ্জ ৰায়, দ্বীপজ্যোতি সৰকাৰ আৰু বিমল সূত্ৰধৰ উপস্থিত থাকে ।

Comments