LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে শিক্ষা বিভাগৰ বৃহৎ নিয়ম ঘোষণা, নিয়ম নামানিলেই নিলম্বিত হ'ব শিক্ষক

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে  শিক্ষা বিভাগৰ বৃহৎ নিয়ম ঘোষণা, নিয়ম নামানিলেই নিলম্বিত হ'ব শিক্ষক
অসম শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে নতুনকৈ কিছুমান নিয়ম ঘোষণা কৰিছে। যিবোৰ নিয়ম নামানিলেই নিলম্বন কৰা হ'ব শিক্ষকক।

নিয়মবোৰ হৈছে--

🔴সামাজিক মাধ্যমত কোনোধৰণৰ বিতর্কিত মন্তব্য কৰিব নোৱাৰিব ৷

🔴 কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ টিউছন ল'ব নোৱাৰিব ৷ 

🔴শিক্ষার্থীক কোনো প্রতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ অনুমতি দিব নোৱাৰিব ৷

🔴 ধর্ণা-বিক্ষোভৰ বাবে বিদ্যালয় ছুটী দিব নোৱাৰিব ৷

🔴 প্রতিজন প্রধান শিক্ষকে মানিব লাগিব ‘স্কুল ৰুল বুক’ ৷

🔴 কোনো দল-সংগঠনক বিদ্যালয়ত সভা-সমিতি পাতিবলৈ দিব নোৱাৰিব ৷

🔴 প্রধান শিক্ষকে ছাত্র-ছাত্রীক প্রতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ দিব নোৱাৰিব ৷

🔴 ৯ বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা ৷

🔴 প্রতিদিনে প্রধান শিক্ষকে অতি কমেও এটা ক্লাছ ল'ব লাগিব ৷

🔴 সপ্তাহত অতি কমেও ৫ টা ক্লাছ ল'ব লাগিব প্রধান শিক্ষকে ৷

🔴 বিজ্ঞান আৰু অংক ইংৰাজীতেই শিকাব লাগিব শিক্ষার্থীক ৷

Comments