LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

নিশা বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা :এজনৰ মৃত্যু

নিশা বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা :এজনৰ মৃত্যু

বৰপেটা ৰোডৰ  শংকৰ দেৱ শিশু নিকেতন আৰু বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ২৭ জুন,২০২৩ ৰ নিশা ৮:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ শিমলাগুৰিৰ ফালৰ পৰা দ্ৰুত গতিত আহি থকা AS-01-DJ-3293 নম্বৰৰ চাৰিচকীয়া মাৰুতি বাহনখনে মহতিয়াই লৈ যায় বৰপেটা ৰোড বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰীক ৷ জানিব পৰা মতে বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰী লাইন মেন ৰঞ্জিত গগৈ আৰু হেমন্ত দাস ওৰফে বগাই কাৰ্য্যালয়ৰ সন্মুখত AS-15-O-9847 নম্বৰৰ ৰৈ থকা স্কুটিখনৰ ওপৰত বহি থকা অৱস্থাত সেই সময়তেই বিপৰীত দিশৰ পৰা অহা মাৰুটি বাহন খনে দুয়োকে মহতিয়াই লৈ যোৱাৰ ফলত গুৰুতৰ ভাৱে আহত হয় দুই বিদ্যুৎ কৰ্মচাৰী ৷ লগে লগে সংকট জনক অৱস্থাত প্ৰাথমিক চিকিৎসাৰ বাবে বৰপেটাৰোডৰ ৩০খন বিচনা যুক্ত চিকিৎসালয়ত চিকিৎসাৰ প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ দুয়োকে প্ৰেৰণ কৰা হয়।
চিকিৎসাধীন অৱস্থাতেই বিদ্যুত বিভাগৰ কৰ্মচাৰী হেমন্ত দাস ওৰফে বগাৰ যোৱা নিশা মৃত্যু হয় ৷ তেখেতৰ ঘৰ আছিল বৰপেটাত ৷স্থানীয় লোকে জনোৱা অনুসৰি উক্ত স্থানত প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা


Comments