LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা কাৰাবন্দী আচামীৰ পলায়ন

বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা কাৰাবন্দী আচামীৰ পলায়ন
বৰপেটাৰ ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এজন কাৰাবন্দী আচামীয়ে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ বৰপেটা আৰক্ষীয়ে জনোৱামতে চিকিৎসাধীন অৱস্থাৰ পৰা পলায়ন কৰা আচামীটোৰ নাম ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে। পলাতক আচামী ছহিদুল ইছলামৰ ঘৰ ৰাঙাপানী গাঁৱত ৷ 

জানিব পৰা মতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ মেডিচিন বিভাগৰ পৰা আচামীটোৱে পলায়ন কৰিছে ৷ বৰপেটা মেডিকেল কলেজ হস্পিতালৰ পৰা চিকিৎসাধীন কয়দী আচামীৰ পলায়নৰ ঘটনাক লৈ বৰপেটাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 

আৰক্ষী সূত্ৰই জনোৱা মতে বৰপেটা জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছহিদুল ইছলামৰ শাৰিৰীক অসুস্থতাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকে ছহিদুল ইছলামৰ চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাত থকা মেডিচিন বিভাগৰ চতুৰ্থ ব্লকত ভৰ্তি কৰাই চিকিৎসা চলাই থকা বুলি জানিব পৰা গৈছে ৷ পিচে চিকিৎসাধীন অৱস্থাত থকা আচামীটোৱে পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফ খুলি পলায়ন কৰে ৷

 বৰপেটা আৰক্ষীয়ে জনোৱা মতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ মেডিচিন বিভাগত বৰপেটা কাৰাগাৰত বন্দী হৈ থকা মুঠ তিনিটা আচামীক ভৰ্তি কৰা হৈছিল ৷ আচামীকেইটাৰ সুৰক্ষাৰ বাবে ৬ জনকৈ আৰক্ষী নিয়োগ কৰিছিল বৰপেটা থানাই ৷ পিচে ৬ জনকৈ আৰক্ষীৰ চকুত ধূলি দি আচামীটোৱে হেণ্ডকাফ খুলি পলায়নৰ ঘটনাক লৈ আৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ 

পলাতক আচামী ছহিদুলৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ লগতে আচামীটোৱে কিদৰে হেণ্ডকাফ খুলি থৈ পলায়ন কৰিবলৈ পালে তাক লৈ অনুসন্ধান অব্যাহত আছে ৷

Comments