LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

মহানগৰীত বৰপেটাৰ মহিলাৰ মৃতদেহ উদ্ধাৰ

মহানগৰীত বৰপেটাৰ মহিলাৰ মৃতদেহ উদ্ধাৰ
নিতৌ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ হোৱা যেন এক সাধাৰণ কথাত পৰিণত হৈছে। আজি পুনৰ গুৱাহাটীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত মহিলা গৰাকী জিন্টী বায়ন চৌধুৰী বুলি চিনাক্ত হৈছে ৷  মহানগৰীৰ পল্টন বজাৰৰ হোটেল ত্ৰিমূৰ্তিত উদ্ধাৰ হৈছে মহিলা গৰাকীৰ মৃতদেহ। এগৰাকী কণ্যা সন্তানৰ মাতৃ জিন্টীৰ ঘৰ বৰপেটাৰ গলিয়াহাটীত আছিল আৰু বৰপেটাৰ আমবাৰীত বিয়া হৈছিল। মহিলা গৰাকী হাউলীৰ বি এইচ কলেজৰ সমীপত অৱস্থিত H DAS & SONS TVS শ্ব’ৰুমৰ কৰ্মচাৰী আছিল ৷ মহিলা গৰাকীৰ মৃত্যুৰ সবিশেষ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

Comments