LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

BJP ৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথক হত্যা, নিশা পেলাই থৈ গ'ল ৰাজপথত

BJP ৰ গোৱালপাৰা জিলাৰ সম্পাদিকা  জোনালী নাথক হত্যা,  নিশা পেলাই থৈ গ'ল ৰাজপথত
হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক জঘণ্য হত্যাকাণ্ড। এইবাৰ হত্যাকাণ্ডৰ বলি হ'ল শাসকীয় বিজেপি দলৰে এগৰাকী নেত্ৰী।

গোৱালপাৰা জিলাৰ সক্ৰিয় বিজেপি কৰ্মী তথা গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছে জোনালী নাথৰ মৃতদেহ।

দেওবাৰে নিশা উদ্ধাৰ হৈছে সম্পাদিকা গৰাকীৰ মৃতদেহ। ইফালে স্থানীয় লোকে সন্দেহ কৰিছে মহিলাগৰাকীক দুৰ্বৃত্তই ধৰ্ষণ আৰু হত্যা কৰি এইদৰে ৰাজপথত পেলাই থৈ গৈছে।

পৰৱৰ্তী সময়ত নিশাই কৃষ্ণাই আৰক্ষীয়ে জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়। এই পৰ্যন্ত  হত্যাকাৰীৰ বিষয়ে জানিব পৰা হোৱা নাই।

Comments