LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ভাৰতীয় সেনাৰ বাহনত আক্ৰমণঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত পাঁচজন জোৱান শ্বহীদ

ভাৰতীয় সেনাৰ বাহনত আক্ৰমণঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত পাঁচজন জোৱান শ্বহীদ
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিয়োজিত সেনাবাহিনীৰ বাহনত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণত ৰাষ্ট্ৰীয় ৰাইফলছৰ পাঁচজন জোৱান শ্বহীদ হৈছে।

সেনাৰ ভাষ্য অনুসৰি সন্ত্ৰাসবাদীয়ে হয়তো ট্ৰাকখনত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত বাহনখনত জুই লাগিছিল।

 সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ পাঁচজন জোৱানে প্ৰাণ হেৰুৱাইছে, আহত এজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জে এণ্ড কেৰ ৰাজৌৰী ছেক্টৰৰ ভীম্বাৰ গালি আৰু পুঞ্চৰ মাজত সেনাবাহিনীৰ বাহনখন চলি আছিল।

Comments