ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ভাৰতে চীনক অতিক্ৰম কৰি ১৪২.৮৬ কোটি জনসংখ্যাৰে বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। বৰ্তমান চীনৰ জনসংখ্যা ১৪২.৫৭ কোটি।
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে (UNFPA) ‘বিশ্ব জনসংখ্যাৰ অৱস্থা প্ৰতিবেদন, ২০২৩’ত এই তথ্য প্ৰকাশ কৰিছে।
জনগাঁথনিগত তথ্য অনুসৰি ভাৰত আৰু চীনৰ মাজত ২৯ লাখ লোকৰ পাৰ্থক্য আছে। ভাৰতত আধা সংখ্যক লোকৰ বয়স ৩০ বছৰৰ তলৰ।
Comments
Post a Comment