LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

স্থানীয় বাতৰি

বঙাইগাঁও জিলাত নিজ পত্নীক ডিঙি চেপি হত্যা স্বামীৰ ,থানাত আত্মসমৰ্পণ হত্যাকাৰী স্বামীৰ

বঙাইগাঁও জিলাত  নিজ পত্নীক ডিঙি চেপি হত্যা স্বামীৰ ,থানাত আত্মসমৰ্পণ হত্যাকাৰী স্বামীৰ
ৰাজ্য চৰকাৰ তথা অসম আৰক্ষী বাহিনীয়ে যি সময়ত পৰিয়াল কেন্দ্ৰীক সংঘৰ্ষ তথা কাজিয়া আৰু আইনগত গোচৰ তীব্ৰ বৃদ্ধি পোৱাত তীব্ৰ উদ্বেগ আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তেই নামনী অসমৰ বঙাইগাঁও ,বৰপেটা,ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাত নিতৌ বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰীক সংঘৰ্ষত হত্যা আৰু নিহতৰ কাণ্ড ।
    মুলতঃ আজি আকৌ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহুকুমাৰ ডুমুৰীয়া  দ্বিতীয় খণ্ড গাঁওত স্বামী হাচেম আলীয়ে যোৱা নিশা পৰিয়াল কেন্দ্ৰীক কাজিয়াৰ ৰাগীত নিজ পত্নী ৰেহেনা ছিদ্দিকক ডিঙি চেপি হত্যা কৰে।আৰু আজি ৰাতিপুৱা অভয়াপুৰী আৰক্ষী থানাত গৈ হত্যাকাৰী স্বামী হাচেম আলী য়ে আত্মসমৰ্পণ কৰে।পিছত আৰক্ষীয়ে হত্যাকাৰীক আটক কৰাৰ লগতে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Comments