LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

আঞ্চলিক বাতৰি

বিটিএডি এলেকাৰ চিৰাং মহিলা মৰ্চাৰ পদক্ষেপ:পাঁচ গৰাকী বিশিষ্ট মহিলালৈ সুষমা স্বৰাজ বঁটা প্ৰদান

বিটিএডি এলেকাৰ চিৰাং মহিলা মৰ্চাৰ পদক্ষেপ:পাঁচ গৰাকী বিশিষ্ট মহিলালৈ সুষমা স্বৰাজ বঁটা প্ৰদান
ভাৰতীয় জনতা পাৰ্টিৰ বিটিএডি এলেকাৰ  চিৰাং জিলাৰ বিজনীস্থিত জিলা কাৰ্যালয়ত আজি বিয়লি জিলাখনৰ বিভিন্ন দিশত সমাজলৈ আগবঢ়োৱা পাঁচ গৰাকী মহিলালৈ সুষমা স্বৰাজ বঁটা প্ৰদান কৰা হয় ৷ চিৰাং জিলা মহিলা মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভাৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় ভাৰতীয় ৰাজনীতিত অনন্য প্ৰতিভাধৰ প্ৰাক্তন কেন্দ্ৰীয়  মন্ত্ৰী সুষমা স্বৰাজৰ স্মৃতিত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে চিৰাং জিলা মহিলা মৰ্চাই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰে সুষমা স্বৰাজ বঁটা ৷ ইয়াৰ পূৰ্বে বিজেপিৰ জিলা কাৰ্যালয়ত পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিৰাং জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী দেৱানী ৰায়ে ৷ চিৰাং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী দেৱযানী ৰায়ৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী তথা চিৰাং জিলাৰ তত্বাৱধায়ক কবিতা বসুমতাৰীয়ে ৷ অনুষ্ঠানত সংগীত আৰু শিক্ষাৰ দিশত সমাজলৈ অৰিহণা আগবঢ়োৱা মঞ্জু দাস, হিৰম্ভা মেধি, উদীয়মান মহিলা সাংবাদিক বৰ্ণালী তালুকদাৰ, আজীৱন শিক্ষাব্ৰতী ভানু ৰায় চৌধুৰী আৰু চপলা দাসলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় সুষমা স্বৰাজ বঁটা ৷ অনুষ্ঠানত মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ভগৱতী দেৱী ৰায়, চিৰাং জিলা বিজেপিৰ কোষাধ্যক্ষ পুলিন কুমাৰ দাস, বিজেপিৰ এছ চি মৰ্চাৰ মাণিক মালাকাৰ সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷

Comments