LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ আৰু সমগ্ৰ শিক্ষা, বজালী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ ৰ মাজত প্ৰীতি ক্ৰিকেট মেচ : বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশৰ জয়লাভ

বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ আৰু সমগ্ৰ শিক্ষা, বজালী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ ৰ মাজত প্ৰীতি ক্ৰিকেট মেচ :  বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশৰ জয়লাভ

১৮ ফেব্ৰুৱাৰী,২০২৩: আজি বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ আৰু সমগ্ৰ শিক্ষা, বজালী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশ ৰ মাজত চৌখুটি হাইস্কুল খেলপথাৰত এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত কৰা হয়। মেচখনত বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়  একাদশে আঠ উইকেটত জয়লাভ কৰে। সমগ্ৰ শিক্ষা, বজালী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশে টছত জয়লাভ কৰি প্ৰথমে বেটিং লয়। সমগ্ৰ শিক্ষা, বজালী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশে প্ৰথমে বেটিং কৰি ১২ অ'ভাৰত  ১২৯ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত  বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশে ১০ অ'ভাৰত ২ টা উইকেট হেৰুৱাই ১৩০ ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে। বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশৰ হৈ ধনজিৎ খাটনিয়াৰে সৰ্বাধিক ৫২ ৰাণ  আৰু বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা বিদ্যালয় পৰিদৰ্শক শ্ৰীযুত ৰাতুল দাসে(A.E.S-I) ৪৬ ৰাণ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে। তদুপৰি বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় একাদশৰ বলাৰ ৰাজা, ফিৰাজুল, ধনজিৎ, পৰাগ আৰু দিগন্ত ই সুন্দৰ বলিং কৰি দলক এক সহজ লক্ষ্য প্ৰাপ্ত হোৱাত  সহায় কৰে।

Comments