LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বিহাৰ,পশ্চিমবংগ, দাৰ্জিলিং আৰু অসমৰ মুঠ ১৮জিলাকলৈ গঠন হব কে.এল.অ ৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য

বিহাৰ,পশ্চিমবংগ, দাৰ্জিলিং আৰু অসমৰ মুঠ ১৮জিলাকলৈ গঠন হব কে.এল.অ ৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য
কেন্দ্ৰীয় চৰকাৰ আৰু কে.এল.অ সৈতে আলোচনা প্ৰসংগ প্ৰায় সমাপ্ত: বিহাৰ,পশ্চিমবংগ, দাৰ্জিলিং আৰু অসমৰ মুঠ ১৮জিলাকলৈ গঠন হব কে.এল.অ ৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য।
চলিত ২০২৩চনটো অসম, পশ্চিমবংগ, বিহাৰ আৰু দাৰ্জিলিং ৰাজ্যৰ একাংশত বসবাস কৰি থকা কোঁচ ৰাজবংশী জনগোষ্ঠীটো বাবে এক অতি শুভ সংবাদ কঢ়িয়াই আনিছে।কাৰণ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৱে যদি ঠিকে থাকে থাকে তেনেহলে লাভ কৰিব বিটিএডি ৰ দৰে কেন্দ্ৰীয় স্বায়ত্ব শাসিত পৰিষদ।প্ৰাপ্ত তথ্যমতে কেন্দ্ৰীয় চৰকাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সশস্ত্ৰ সংগ্ৰামী সংগঠন কমতাপুৰ লিবাৰেচন অফ অৰ্গনাইজেচন চমুকৈ কে.এল.অ সৈতে আলোচনা প্ৰসংগ প্ৰায় সমাপ্ত কৰিছে।এতিয়া সঠিকমতে চলি থাকিলে অহা ১৬জানুৱাৰীৰ পূৰ্বেই কে.এল.অ সৈতে কেন্দ্ৰীয় চৰকাৰে এক চুক্তি সম্পাদন কৰিব।আৰু এই চুক্তি সম্পাদন হলে বিহাৰ ৰাজ্যৰ জিলাসমূহ ক্ৰমে কাটিহাৰ,কিষাণগঞ্জ,আৰাৰীয়া আৰু পূৰ্ণিয়া।পশ্চিমবংগ ৰাজ্যৰ জিলাসমূহ ক্ৰমে আলিপুৰ দুৱাৰ,কোচবিহাৰ, জলপাইগুৰি, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ আৰু মালদা। দাৰ্জিলিংৰ কলিংপং আৰু দাৰ্জিলিং ।অসমৰ জিলাসমূহ ক্ৰমে বঙাইগাঁও ,গোৱালপাৰা(একাংশ),দক্ষিণ শালমাৰা,ধুবুৰী,কোকৰাঝাৰ আৰু চিৰাং জিলাৰ একাংশকলৈ মুঠ১৮খন জিলাকলৈ হব প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ সীমা।মুলতঃ কেন্দ্ৰীয় চৰকাৰ আৰু কে.এল.অ মাজত হোৱা আলোচনা প্ৰসংগক অতি ফলপ্ৰসূ হোৱা বুলি উল্লেখ কৰি দেশী- বিদেশী শত্ৰুপক্ষই যাতে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জনগোষ্ঠীটোক সকীয়াই দি কে.এল.অ ই এই প্ৰতিনিধিলৈ এক প্ৰেছ বিবৃত্তি প্ৰকাশ কৰি প্ৰেৰণ কৰিছে। 

Comments