কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰ থানাৰ অন্তৰ্গত আঠগাওত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।গাওঁখনৰ মাজৰে বৈ যোৱা পুঠিমাৰি নৈত এজনী মহিলাই দুই সন্তানক লৈ পানীত জাপ দিয়ে।অবশ্যে স্থানীয় লোক এজনে এটি সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ বৰ্তমানলৈ সন্ধানহীন হৈ আছে মাতৃৰ লগতে আনগৰাকী কণমানি সন্তানটি।মহিলাগৰাকীৰ নাম ৰুমি ডেকা আৰু কণমানি সন্তানটিৰ নাম বিতোপন ডেকা বুলি জানিব পৰা গৈছে।