ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথ , নগৰ আৰক্ষী বিষয়া কপিল দাসৰ নেতৃত্বত বিভিন্ন অসামাজিক কামৰ লগত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই এজনৰ পিছত সিজন অসামাজিক কামৰ লগত জড়িত থকা ব্যক্তিক আটক কৰি ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰি আহিবলৈ সক্ষম হৈছে যদিও আজিও বন্ধ হোৱা নাই বিভিন্ন ধৰনৰ অসামাজিক কাম — কাজ ৷
দীৰ্ঘ দিনৰ পৰা গৌৰীপুৰত চলি আহিছিল মদ , জুৱা , তীৰ খেল , ড্ৰাগছ , গাঞ্জা , গো — সৰবৰাহ , বগা চাউলৰ বেহা , নাৰী নিৰ্যাতন , বাল্য বিবাহ আদিকে ধৰি বিভিন্ন ধৰনৰ অসামাজিক কাৰ্য্যকলাপ ৷
কিন্ত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথ আৰু নগৰ পৰিদৰ্শক বিষয়া কপিল দাসে যোগদান কৰাৰ পিছত অসামাজিক কাৰ্য্যকলাপ হ্ৰাস পাইছে যদিও অসামাজিক কাৰ্য্যকলাপৰ লগত জড়িত থকা একাংশ এচাম অসাধুৱে ন — ন কৌশল অৱলম্বন কৰি এতিয়াও চলাই গৈছে অসামাজিক কাৰ্য্যকলাপ ৷
যোৱা নিশা আৰক্ষী থানাখনৰ গেৰামাৰী ১ম খণ্ড গাওঁৰ নাউয়াৰচৰৰ গাওঁৰক্ষী বাহিনীয়ে পহৰা দি থকা অৱস্থাত কেইজনমান চোৰাং কাৰবাৰীয়ে চাৰিটাকৈ চোৰাং গৰু লৈ অৱস্থাত চোৰাং বেপাৰীক পিছে — পিছে খেদি যায় যদিও এন্ধাৰৰ সুযোগলৈ চোৰাং গৰুৰ কাৰবাৰী সকলে পলায়ন কৰে ৷
তাৰ পিছত চাৰিটাকৈ বলদ চোৰাং গৰু গাওঁৰক্ষী বাহিনীয়ে আটক কৰে ৷
আটক কৰি গৌৰীপুৰ আৰক্ষী থানাত খৱৰ কৰে ৷
সেই খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিতহৈ চোৰাং গৰু চাৰিটা গৌৰীপুৰ আৰক্ষী থানালৈ লৈ যায় ৷
Comments
Post a Comment