LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

গৌৰীপুৰৰ ৰৌবাগাওঁত ভুমিবিবাদক কেন্দ্ৰত এজন নিহত আৰু তিনি জন গুৰুত্বৰ ভাবে আহত

গৌৰীপুৰৰ ৰৌবাগাওঁত ভুমিবিবাদক কেন্দ্ৰত এজন নিহত আৰু তিনি জন গুৰুত্বৰ ভাবে আহত
গৌৰীপুৰৰ ৰৌবাগাওঁত ভুমিবিবাদক কেন্দ্ৰত এজন নিহত আৰু তিনি জন গুৰুত্বৰ ভাবে আহত : নিহত যুৱকজনৰ নাম হৈছে মফিজুৰ 
গৌৰীপুৰত দীৰ্ঘ দিনৰ পৰা চলি আহিছে ভূমাফিয়াৰ দপদপনি ৷

 ভূমাফিয়াৰ আক্ৰমণত মৃত্যু এগৰাকী কলেজীয়া ছাত্ৰৰ। 

কলেজীয়া ছাত্ৰজনৰ নাম হৈছে মফিজুৰ ৷

মফিজুৰ আছিল মেট্ৰিক পাছ এগৰাকী কলেজীয়া ছাত্ৰ ৷

চৰকাৰী খাচ মাটিত অবৈধ মাটি কটাক কেন্দ্র কৰি সংঘটিত হৈছে এই হত্যাকাণ্ড ৷

চোকা ডেগাৰেৰে হানি — খুচি হত্যা এজন কলেজীয়া ছাত্ৰক আৰু আন তিনিজন গুৰুতৰ ভাবে আহত হৈছে ৷

 নিহত ছাত্ৰজনক মৰাণোওৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত লৈ যোৱা হৈছে ৷

আহত তিনিগৰাকী ব্যক্তিক ধুবুৰী মেডিকেল কলেজত চিকিৎসা চলাই থকাৰ বাতৰি আমালৈ আহি পৰিছে গৌৰীপুৰৰ পৰা ৷ 

জানিব পৰা মতে গৌৰীপুৰৰ খামাৰ গাওঁৰ ফিৰ্দুছ , সাহান , নাজিৰ , ছোলেমান আৰু বৰবাবু নামৰ পাচঁ জনীয়া এটি দলে খেদি — খেদি এজন লোকৰ চোতালত হত্যা কৰাৰ লগতে আন তিনিজনক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কৰে। 

এই ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ সঁজাতী দল উপস্থিত হয় ৷

এই ঘটনা সংঘটিত কৰি ভূমাফিয়াৰৰ সঁজাতী দল পলায়ন কৰিছে ৷

গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ভূমাফিয়াৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰচেষ্টা অৱ্যহত ৰাখিছে ।

Comments