LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

গৌৰীপুৰৰ বগৰীবাৰীৰ আঠানিত বিধ্বংসী অগ্নিকাণ্ড : নিমিষতে পুৰি চাৰখাৰ হল চাৰিটা বাস গৃহ

গৌৰীপুৰৰ বগৰীবাৰীৰ আঠানিত বিধ্বংসী অগ্নিকাণ্ড : নিমিষতে পুৰি চাৰখাৰ হল চাৰিটা বাস গৃহ
ধুবুৰীৰ গৌৰীপুৰৰ আঠানী ৰাজহ চক্ৰৰ পাটাকাটা ১ম খণ্ড গাওঁত ভয়াবহ অগ্নিকাণ্ড সংগঠিত হৈছে ৷
 নিমিষতে জাহ গৈছে চাৰিটা পৰিয়ালৰ বাস গৃহ ৷
ক্ষন্তেক পৃৰ্ৱে এই ঘটনা সংঘটিত হোৱাৰ খৱৰ আহি পৰিছে আমাৰ হাতত  গৌৰীপুৰৰ পৰা ৷
আঠনী ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ অন্তৰ্গত আমবাৰী পোনে নয় আনী গাঁও পঞ্চায়তৰ পাটাকাটা ১ম খণ্ড গাওঁৰ চাৰিটা পৰিয়ালৰ বাস গৃহ কে ধৰি ঘৰৰ ভিতৰত থকা আচবাব পত্ৰ,ভূমিৰ যাৱতীয় নথি পত্ৰ, আদি কৰি যাৱতীয় বস্তু বাহিনী জুইত জ্বলি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷

অগ্নি কাণ্ডত বিস্তৰ ক্ষতি সাধন হোৱা পৰিয়াল কেইটা ক্ৰমে মগৰব আলী, আবুল সেখ,মোন্নাফ আলী আৰু মজিবৰ ৰহমান বুলি এক সূত্ৰত প্ৰকাশ ৷

অগ্নি কাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

ইতিমধ্যে ঘটনাস্থলীত গৌৰীপুৰৰ আঠানী উপ আৰক্ষী চকীৰ এটা আৰক্ষীৰ সঁজাতী দল ঘটনাস্থলীত উপস্থিত হৈছে ৷

Comments