LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

চিৰাং জিলাৰ বিজনীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

চিৰাং জিলাৰ বিজনীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
চিৰাং জিলাৰ বিজনীত অব্যাহত আছে হস্তী মানুহৰ সংঘাত।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিজনীৰ ভাৰত- ভূটান সীমান্তত ওলাই অহা বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোক।ইয়াৰ মাজতে শনিবাৰ নিশা চিৰাং জিলাৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ ৪ নং ধৰ্মপুৰত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় এজন বৃদ্ধ।বৃদ্ধ গৰাকীৰ নাম ৰবিৰাম বসুমতাৰী(৮২)। নিশা বন্যহস্তীয়ে ৰবিৰাম বসুমতাৰীৰ ঘৰত প্ৰবেশ কৰি তাণ্ডৱ সৃষ্টি কৰিছিল।ঘৰৰ মুৰব্বী ৰবিৰাম বসুমতাৰী নামৰ ব্যাক্তিজনে ঘৰৰ পৰা বাহিৰত ওলোৱাৰ সময়তে বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় বৃদ্ধজন।আনহাতে পৰিয়ালৰ আন সদস্য সমূহ কথমপি পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।পাছত আজি পুৱাৰ ভাগত ঘটনাস্থলিত বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।বন বিভাগৰ গাফিলতি আৰু বৈদ্যুতিক শ্বৰ্ট লাইনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। 

Comments