কোকৰাঝাৰ ২৪ ডিচেম্বৰ (হি.স.):কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম সান্দালাৰটাৰী এম ই মাদ্ৰাছা খেল পথাৰত আজি ২৫ ডিচেম্বৰৰ পৰা দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ চতুৰ্থ বাৰ্ষিক অধিবেশনৰ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ । উল্লেখযোগ্য যে এই অধিবেশনৰ কাৰ্যসূচী মতে প্ৰথম দিনা প্রথমে নেমছুৰ পতাকা উত্তোলন শহীদ তর্পন আৰু ইয়াৰ পিছত কুইজ লগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু অন্তিম দিনা ২৬ ডিচেম্বৰত মুকলি সভা লগতে আবেলি ৪ বজাৰ পৰা সংস্কৃতিক সন্ধেয়ৰ আয়োজন হোৱাৰ কথা আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । মুকলি সভাত মূখ্য অতিথিৰ হিসাবে দিল্লীৰ জে এন যুৰ অধ্যাপক বিকাশ ভাজপাই আৰু দিল্লীৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মধু প্রাসাদৰ লগত বি টি আৰৰ কাৰ্য্যবাহী সদস্য, সদস্য স্থানীয় বিধায়কৰ লগত বিভিন্ন দল সংঠনৰ নেতা অতিথি হিচাবে অংশগ্ৰহণ কৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি শৰীফ হাছানে সদৰী কৰে।
- Home
- Category
- _আন্ত:ৰাষ্ট্ৰিয়
- _ৰাষ্ট্ৰীয়
- _ৰাজ্যিক
- _আঞ্চলিক
- _প্ৰবন্ধ
- _খেল
- _অৰ্থনীতি আৰু বাণিজ্য
- _স্বাস্থ্য আৰু লাইফষ্টাইল
- _মনোৰঞ্জন
- _সামাজ আৰু ৰাজনীতি
- _শিক্ষা
- _ফেশ্বন
- _কেৰিয়াৰ
- _সাম্প্ৰতিক ঘটনা
- _বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
- _প্ৰেছ বিজ্ঞপ্তি
- ডেচবৰ্ড
- পোষ্ট
- নিউজ অসম ডিজিটেল টিভি
- বিজ্ঞাপন
- Download News Assam digital App