LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অভিযানত চোৰাং গৰুসহ গ্ৰেপ্তাৰ চোৰাং বেপাৰী

পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অভিযানত চোৰাং গৰুসহ গ্ৰেপ্তাৰ চোৰাং বেপাৰী
গৌৰীপুৰৰ গোলকগঞ্জ , বন্দিহানৰ আৰক্ষীৰ তীব্ৰ অভিযানৰ পিছত আজি পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই এজন‌ চোৰাং বেপাৰী গ্ৰেপ্তাৰ আৰু দুটা চোৰাং গৰু উদ্ধাৰ কৰে ৷
ধুবুৰী জিলাৰ আৰক্ষীৰ পিছত এইবাৰ বি টি আৰৰ কোকোৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

যোৱাকালি ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু বন্দিহানা আৰক্ষী থানাৰ আৰক্ষীয়ে ১১ টাকে চোৰাং গৰু আৰু এখন বাহন জব্দ কৰাৰ পিছত আজি কোকোৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে এজন চোৰাং গৰুৰ বেপাৰী আৰু দুটা চোৰাং গৰু জব্দ কৰে ৷

কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰমজান আলী এক গোপন তথ্যৰ ভিওিত অভিযান চলাই মদাতী ১ম খণ্ড গাওঁৰ নুৰহোছেন নামৰ এজন যুৱকক আটক কৰাৰ লগতে দুটা চোৰাং গৰু জব্দ কৰে আৰু দুগৰাকী চোৰাং বেপাৰী পলায়ন কৰে ৷

পলায়ন কৰা দুগৰাকী চোৰাং বেপাৰী হল মনোৱাৰ হুছেইন আৰু আলীম উদ্দিন বুলি কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Comments