ধৰ্মশালা আৰক্ষী এক গোপন সূত্ৰে অভিযান চলাই বৰভিলা ২য় গাঁওৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰিক আটক কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম আব্দুল মন্নাফ বুলি জানিব পৰা গৈছে।
ধৰ্মশালা আৰক্ষীয়ে ড্ৰাগচ মাফিয়া আব্দুল মান্নাফৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ব্ৰাউন শুগাৰৰ কণ্টেনাৰ জব্দ কৰে লগতে এটা এণ্ডৰোইড মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে পুৰোসত্তম কুমাৰ সিং ধৰ্মশালা আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছৰ পৰাই বহুতো ড্ৰাগচ মাফিয়াক গ্ৰেপ্তাৰ কৰে, আৰু ধৰ্মশালা আৰক্ষী থানাৰ অন্তৰ্গত অনৈতিক কাৰ্য্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে অভিযান চলাই আছে।প্ৰাপ্ত তথ্য মতে ড্ৰাগচ মাফিয়া জনক আৰক্ষীয়ে সোত পোচ অব্যাহত ৰাখিছে।
গৌৰীপুৰৰ পৰা সাহাবুদিন মোল্ল্যাৰ ৰিপোৰ্ট ৷
Comments
Post a Comment