LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বঙাইগাঁও জিলাৰ প্ৰাণনাথ সৰকাৰক সমাজ সেৱাৰ বাবে নতুন দিল্লীত ডঃ বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বঙাইগাঁও জিলাৰ প্ৰাণনাথ সৰকাৰক সমাজ সেৱাৰ বাবে নতুন দিল্লীত ডঃ বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

ভাৰতৰ বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমী নামৰ বৃহত্তৰ এক সন্থাটোৱে ২০২২ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় বিজয়ী দিৱস সমাৰোহ উপলক্ষে আগবঢ়োৱা ডঃ বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহুকুমাৰ আমগুৰি নিবাসী প্ৰাণনাথ সৰকাৰে লাভ কৰিছে।জানিব পৰা মতে উক্ত সন্থাটোৱে সমাজ সেৱক হিচাপে নিৰ্বাচিত কৰি যোৱা ১৩ ডিচেম্বৰত নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱন ২১০দীনদয়াল উপাধ্যায় মাৰ্গৰ ৰজ এভিনিডট অনুষ্ঠিত হোৱা এক বিশাল গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত লোকসভাৰ প্ৰাক্তন অধ্যক্ষা তথা প্ৰাক্তন মন্ত্ৰী মীৰা কুমাৰীয়ে কেইবাজনো বিশিষ্ট ব্যক্তিৰ সন্মুখত প্ৰাণনাথ সৰকাৰক এই বঁটা প্ৰদান কৰে।একেদৰে ৰাজ্যখনৰ নগাঁও জিলাৰ নৃপেন্দ্ৰ মণ্ডল,অসমৰ আদিবাসী সংগঠনৰ হৈ কাম কৰা বীৰেন মির্ধা আৰু বিটিএডি এলেকাৰ পৰা অসীম হাসদাক এই বঁটা প্ৰদান কৰে বুলি বাতৰিটোত প্ৰকাশ।

Comments