LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

গৌৰীপুৰ আৰক্ষীৰ জালত বিলাসীবাহন সহ চাৰিজন হাৱালাৰ টকা সৰবৰাহকাৰী

গৌৰীপুৰ আৰক্ষীৰ জালত বিলাসীবাহন সহ চাৰিজন হাৱালাৰ টকা সৰবৰাহকাৰী
গৌৰীপুৰত হাৱালাৰ ২০ লাখ টকা জব্দ গৌৰীপুৰ আৰক্ষীৰ : বিলাসী বাহনসহ চাৰিজনকৈ সৰবৰাহকাৰী আটক  
গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী , বালাজান আৰক্ষীৰ যৌথ অভিযানত বালাজান অঞ্চলৰ পৰা বিলাসী বাহনত জব্দ কৰা হয় ২০ লাখ টকাসহ চাৰি সৰবৰাহকাৰী। 

চাৰি সৰবৰাহকাৰী ক্ৰমে- চৌৰাঙ্গীমোৰৰ সাহিদুৰ ইছলাম, মধুশৌলমাৰী গাঁৱৰ ছাদিকুল হক,পূব টিয়ামাৰী গাঁৱৰ ছোলেমান আনচাৰী আৰু চালক ছানিদুল ইছলাম।

গোপন খবৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতু জ্যোতি নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা ধুবুৰী অভিমুখে AS - 01DN 6582 নম্বৰৰ ছুইফ ডিজাৰ গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হয় ২০ লাখ টকাৰ লগতে চালকসহ চাৰি সৰবৰাহকাৰীক।

সম্প্ৰতি চাৰি সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে।

গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথে যোগদান কৰাৰ পিছত এটাৰ পৰ এটা কু কৰ্মৰ লগত জড়িত থকা একাংশ যুৱকক আটক কৰিবলৈ সক্ষম হৈ আহিছে ৷

Comments