চিৰাং জিলাৰ বিজনীৰ বড়োবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং দাৰাঙ্গাত আজি পুৱাৰ ভাগত এছ এছ বিৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। জব্দকৃত গাঞ্জা সমূহৰ ওজন 6.43 কিলোগ্ৰাম।কুমাৰশালিস্থিত SSB ৰ 15 নং বেটেলিয়নৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান।দীৰ্ঘ দিনৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তী উক্ত অঞ্চলত গাঞ্জাকে আদি কৰি বিভিন্ন অবৈধ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰিছিল এছএছবিয়ে। ফলত আজি অতৰ্কিতে অভিযান চলাই স্থানীয় বিশ্বনাথ মণ্ডলৰ গৃহৰ পৰা গাঞ্জা সমূহ জব্দ কৰিবলৈ সক্ষম হয়। পাছত ঘটনাস্থলিত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত হৈ গাঞ্জা ব্যৱসায়ী বিশ্বনাথ মণ্ডলক গ্ৰেপ্তাৰ কৰে।
নামনী অসমৰ বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
নামনী অসমৰ বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। SSB ৰ অভিযানত ১ নং দাৰাঙ্গাৰ পৰা জব্দ কৰা হয় গাঞ্জা সমূহ।উপস্থিত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়। ধৃত ব্যৱসায়ী বিশ্বনাথ মণ্ডল(47)।
Comments
Post a Comment