LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

যোগীঘোপাত কৰেয়া পাহাৰ খননকাৰ্যৰ বিৰুদ্ধে উত্তৰ শালমাৰা জিলা আমছুৰ উত্তাল প্ৰতিবাদ

 যোগীঘোপাত কৰেয়া পাহাৰ খননকাৰ্যৰ বিৰুদ্ধে উত্তৰ শালমাৰা জিলা আমছুৰ উত্তাল প্ৰতিবাদ

যোৱ কিছূদিনৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপা কৰেয়া পাহাৰখন বহিৰাগত RSBI নামৰ কোম্পানীটোৱে বেআইনী ভাৱে পৰিবেশ বিনষ্ট কৰি পাহাৰখন খনন কৰি ধ্বংস কৰা পৰিলক্ষিত হৈছে। সেয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি ১৫/০৭/২০২২ ইং তাৰিখ শুক্ৰবাৰ দিনৰ ১০ বজাত উক্ত খননকাৰ্যৰ বিৰুদ্ধে খননস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহা ১৪ ঘন্টাৰ ভিতৰতে খননকাৰ্য বন্ধ কৰিবলৈ অসম চৰকাৰ, বঙাইগাঁও জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষ দাবী জনায়।

পুনৰ আজি ১৮/০৭/২২ ইং তাৰিখে দিনৰ ১০ বজাত খননকাৰ্য বন্ধ কৰাৰ দাবীত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত জিলা সমিতিৰ এটি সজাতি দলে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয়। খননকাৰ্য বন্ধ নকৰিলে অনাগত দিনত তিব্ৰতৰ ভাবে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামে জনাইছে।



Comments