LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

অহা ৪,৫আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ বাবে আদৰণি সমিতি গঠনৰ অৰ্থে সাপেখাটিত বৃহৎ ৰাজহুৱা সভা।

 অহা ৪,৫আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ বাবে আদৰণি সমিতি গঠনৰ অৰ্থে সাপেখাটিত বৃহৎ ৰাজহুৱা সভা।



শ্ৰীমন্ত শংকৰদেৱ সংঘ ভগ্নী আৰু ভাতৃ সংগঠন অৰ্থাৎ কেন্দ্ৰীয় শিশু,যুৱ আৰু আই-মাতৃৰ ২৯ সংখ্যক কেন্দ্ৰীয় সোমাৰোহখন এইবাৰ উজনী অসমৰ চৰাইদেউ জিলাৰ অতিথ্যত সাপেখাটি অঞ্চলত অনুষ্ঠিত হব। প্রাপ্ত বাতৰিমতে অহা ৪,৫আৰু৬ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া  উক্ত কেন্দ্ৰীয় সোমাৰোহৰ অৰ্থে আজি সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক শক্তিশালি আদৰণি গঠনৰ অৰ্থে এক ৰাজহুৱা সাধাৰণ সভা অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা বাপে। সভাই সভাপতি প্ৰফুল্ল গগৈ বাপ,কাৰ্যকৰী সভাপতি তপন গগৈ বাপ আৰু সাধাৰণ সম্পাদক হিচাপে ফণীন্দ্ৰ শইকীয়া বাপক নিৰ্বাচিত কৰি এক শক্তিশালী আদৰণি সমিতি গঠন কৰে।সভাত সাংসদ তপন কুমাৰ গগৈ,আছুৰ প্ৰাক্তন নেতা মাণিক গগৈ,সাপেখাটি উন্নয়ন খণ্ড বিষয়া ৰনটু বৰুৱা,কে ধৰি সংঘৰ কেন্দ্ৰীয় আৰু প্ৰতিটো জিলাৰ বিষয়ববীয়া ,বিভিন্ন দল সংগঠনৰ বিষয়া,সমাজকর্মী ,ব্যৱসায়ী,শিক্ষক ,প্ৰবক্তা,অধ্যক্ষ আদি প্ৰায় সহস্ৰাধিক বাপ-বান্ধৱ ,আই-মাতৃ সকল উপস্থিত আছিল বুলি বাতৰিটোত প্ৰকাশ।



Comments