LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বিজেপি দলৰ বঙাইগাঁও জিলা সমিতিৰ আজি অনুষ্ঠিত হল কাৰ্য্যনিৰ্বাহক সভা।

 বিজেপি দলৰ বঙাইগাঁও জিলা সমিতিৰ আজি অনুষ্ঠিত হল কাৰ্য্যনিৰ্বাহক সভা।

চশাসণাধিস্থ কেন্দ্ৰীয় আৰু চৰকাৰী পক্ষৰ ভাৰতীয় জনতা পাৰ্টি দলটোৰ বঙাইগাঁও জিলা সমিতিৰ এক কাৰ্য্য নিৰ্বাহক সভা জিলা সদৰ চহৰখনত অৱস্থিত জিলা কাৰ্য্যালয়ত অনুষ্ঠিত হয়।প্ৰাপ্ত বাতৰিমতে বিজেপিৰ বঙাইগাঁও জিলা সমিতিৰ আজি অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে ৰাতিপুৱা দলীয় পতাকা উত্তোলন কৰে জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে । ইয়াৰ পিছত ভাৰত মাতা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দিনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি কাৰ্য্যৰ মুকলি কৰে জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে। আৰু বন্দে মাতৰম আৰু সম্ভাষণৰ পিছত আসন গ্ৰহণ কৰে ।আৰু আদৰণি ভাষণৰ অন্তত জিলা উপ সভাপতি দীনেশ চন্দ্ৰ সৰকাৰে শোক প্ৰস্তাৱ পাঠ কৰে।ইয়াৰ পিছত অনুষ্ঠিত হয় বিগত সময়ত দলীয় কাৰ্যসূচী ,কেন্দ্ৰীয় চৰকাৰৰ  অষ্টম  বৰ্ষপূতি কাৰ্যসূচী আৰু সাংগঠনিক স্থিতি আদিৰ মণ্ডল সভাপতি সকলৰ প্ৰতিবেদনৰ ওপৰত এক আলোচনা।পৰৱৰ্তী কাৰ্যসূচী হিচাপে জিলা উপ সভাপতি কৌস্তব দাসে আগবঢ়োৱা ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰে আৰু উক্ত প্ৰস্তাৱ সমৰ্থন কৰে জিলা সম্পাদক দেৱব্ৰত শীলে ।ইয়াৰ পিছত অনুষ্ঠিত হয় মন কি বাত আৰু বুথৰ ৬টা কাৰ্যক্ৰমৰ ওপৰত মণ্ডল সভাপতি আৰু শক্তি কেন্দ্ৰ প্ৰমুখ সকলৰ মাজত আলোচনা ।সভাত পৰৱৰ্তী আলোচনা হিচাপে বুথ শক্তিকৰণ আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জনকল্যান মূলক আঁচনিৰ ওপৰত নিৰ্বাচিত প্ৰতিনিধি সকলৰ মাজত এক আলোচনা চক্ৰ ।ইয়াৰ পিছত মৰ্চাৰ জিলা সভাপতি সকলৰ দলীয় কাৰ্যসূচী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত জিলা সভাপতি আৰু প্ৰভাৰী সকলৰ মাজত অনুষ্ঠিত হয় আলোচনা ।পিছত জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাসে জিলাৰ সাংগঠনিক আৰু দলীয় কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে। সভাৰ শেষত ৰাজ্যিক কাৰ্য্য নিৰ্বাহকৰ সাৰাংশ আগবঢ়াই জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে ।সভাত জিলা সম্পাদক শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰ,মিডিয়া কোষৰ আহ্বায়ক চন্দন কুমাৰ মেধি ,সামাজিক মাধ্যম কোষৰ আহ্বায়ক সুব্ৰত মণ্ডল আদি শতাধিক নেতা কৰ্মীসকল উপস্থিত আছিল।


Comments