LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বানপানীৰ দুৰ্যোগৰ ভিতৰতেই আন এটা ভয়ংকৰ দুৰ্যোগ সংগঠিত

 বানপানীৰ দুৰ্যোগৰ ভিতৰতেই  আন এটা ভয়ংকৰ দুৰ্যোগ সংগঠিত

 বানপানীৰ দুৰ্যোগৰ ভিতৰতেই  আন এটা ভয়ংকৰ দুৰ্যোগ সংগঠিত, 

সোমবাৰৰ দিনা বিদ্যুৎ শ্বৰ্ট ছাৰ্কেট হৈ বিলাসীপাৰাৰ বাতাপাৰা খেৰডুবি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ বাসগৃহত ভয়ংকৰ  অগ্নিকাণ্ড সংগঠিত,


 অগ্নিকাণ্ডত ঠেলা চালক আব্দুৰ ৰেজ্জাকৰ এখন টিনপাতৰ ঘৰ, বিশ হেজাৰ টকা, প্ৰয়োজনীয় সা-সামগ্ৰী, নথি-পত্ৰ আদিকে ধৰি জুঁইত ভষ্মিভূত হোৱা পৰিলক্ষিত হৈছে,


উক্ত অগ্নিকাণ্ডৰ ফলত বাতাপাৰা খেৰডুবি গাঁৱৰ ঠেলা চালক আব্দুৰ ৰেজ্জাকৰ প্ৰায় তিনি লক্ষাধিক  টকাৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে, 


 উল্লেখ্য যে বানপানীৰ দুৰ্যোগৰ  সময়ত আন এটা দুৰ্যোগ সংগঠিত হোৱা, আব্দুৰ ৰেজ্জাকৰ বাসগৃহত আজি পৰ্যন্ত  স্থানীয় কোনো পঞ্চায়ত  জনপ্ৰতিনিধি, বিধায়ক, সাংসদ,একো আহৰি নোপোৱাত ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে গভীৰ দুঃখ প্ৰকাশ কৰিছে,   

Comments