LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সমগ্ৰ বিটিএডি এলেকাৰ লগতে ৰাজধানী কোকৰাঝাৰ জিলাত আজিৰে পৰা ১৪৪ধাৰা আইন বলবৎ

সমগ্ৰ বিটিএডি এলেকাৰ লগতে ৰাজধানী কোকৰাঝাৰ জিলাত আজিৰে পৰা ১৪৪ধাৰা আইন বলবৎ

 সমগ্ৰ বিটিএডি এলেকাৰ লগতে ৰাজধানী কোকৰাঝাৰ জিলাত আজিৰে পৰা ১৪৪ধাৰা আইন বলবৎ : অৱশ্যে শিশু,মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত নাই কোনো বাধা।



নামনি অসম তথা বিটিএডি এলেকাকে ধৰি ইয়াৰ ৰাজধানী কোকৰাঝাৰ জিলাত ১৪৪ধাৰা আইন বলবৎ কৰাৰ লগতে সমগ্ৰ জিলাখনত পাঁচজন লোকৰ অধিক সমবেত হোৱাত বাধা আৰোপ কৰাৰ লগতে  কোনো ধৰণৰ ৰাজহুৱা স্থানত ধৰ্ণা, প্ৰতিবাদী আন্দোলন আদি অনুষ্ঠিত কৰাত নিষিদ্ধ আৰোপ কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে ।ইয়াৰ উপৰি প্ৰশাসনৰ অনুমতি অবিহনে পূজা,মেলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ বন্ধ তথা ধৰ্ণা আদি কৰাত বাধা আৰোপ কৰিছে । তদুপৰি চাৰিচকীয়া বাহনত ৰঙীন গ্লাছ আৰু দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধ কৰাৰ উপৰি দাও, লাঠী,ধনুকাৰ, আগ্নেয়াস্ত্ৰ  আদি কঢ়িওৱাত বাধা আৰোপ কৰিলে।অৱশ্যে দুচকীয়া বাহনত ১২ বছৰ তলৰ শিশু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি বাটৰিটোত প্ৰকাশ।



বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।




Comments