মিত টিকাকৰণ প্ৰক্ৰিয়া চলোৱা, সংক্ৰামক ৰোগৰ সজাগতা সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিসমূহ ঘৰে ঘৰে পৌঁছে দিয়ালৈকে সকলো দায়িত্ব কান্ধত তুলি লৈছে এইসকল কৰ্মীয়ে। ক'ভিড-১৯ অতিমাৰীৰ কঠিন সময়ছোৱাতো নিজৰ জীৱন তুচ্ছ কৰি ঘৰে ঘৰে গৈ সমীক্ষা চলোৱা আৰু ঔষধ বিতৰণ কৰাত তেওঁলোকৰ অৱদান আছিল অনস্বীকার্য, যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) তেওঁলোকক "গ্ল'বেল হেল্থ লিডাৰ" হিচাপেও স্বীকৃতি দিছে।
কিন্তু অতি পৰিতাপৰ বিষয় যে, ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাৰ এই মূল মেৰুদণ্ড স্বৰূপ কৰ্মীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে আজিও মাহী আইৰ দৃষ্টিৰে চাই থকাৰ অভিযোগ উত্থাপন হৈছে। স্বাস্থ্য বিভাগৰ সাফল্যৰ ডাঙৰ ডাঙৰ বিজ্ঞাপনত আশা কৰ্মীসকলৰ অৱদানৰ কথা প্ৰশংসা কৰা হয় যদিও বাস্তৱিকতে তেওঁলোকৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা তেনেই দুৰ্বহু। দিনে ২৪ ঘণ্টাই অন-ডিউটি থাকিবলগীয়া হোৱা সত্ত্বে আজিলৈকে আশা কৰ্মীসকলক স্থায়ী কৰ্মচাৰীৰ মৰ্যাদা বা এক নির্দিষ্ট ন্যূনতম বেতন দিয়া হোৱা নাই। কেৱল সামান্য ইনচেণ্টিভ বা বানচৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল, আৰু বহু সময়ত মাহৰ পিছত মাহ ধৰি এই প্ৰাপ্য ধনৰাশি অনিয়মীয়াভাৱে মুক্ত কৰি দিয়াৰ বাবে তেওঁলোক তীব্ৰ আৰ্থিক সংকটত পৰে। দিন-ৰাতি একাকাৰ কৰি স্বাস্থ্য সেৱাত ব্ৰতী থকা এইসকল মহিলাৰ বাবে নিজাকৈ কোনো উন্নত স্বাস্থ্য বীমা বা অৱসৰকালীন সুৰক্ষাৰ ব্যৱস্থাও নাই।
বছৰ বছৰ ধৰি আশা বাইদেউসকলে নিজৰ ন্যায্য প্ৰাপ্য, সুস্থিৰ বেতন আৰু সামাজিক সুৰক্ষাৰ দাবীত গুৱাহাটীৰ ৰাজপথৰ পৰা ধৰ্না-প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। চৰকাৰে সময়ে সময়ে অশ্বাস প্ৰদান কৰে যদিও বাস্তৱত এই প্ৰতিশ্ৰুতিসমূহ কেৱল কাগজতে সীমাৱদ্ধ হৈ ৰোৱা বুলি অভিযোগ কৰিছে আশা ইউনিয়নসমূহ আৰু সমাজকৰ্মীসকলে। যি সময়ত চৰকাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব উন্নতিৰ দাবী কৰে, সেই সময়ত এই ব্যৱস্থাটো সুচাৰুৰূপে চলাই ৰাখা আশা কৰ্মীসকলক অৱহেলিত কৰি ৰখা প্ৰশ্নাতীতভাৱে চিন্তনীয়। সেয়েহে, সময় থাকোঁতেই চৰকাৰে আশা বাইদেউসকলৰ স্বাস্থ্য বীমা, উপযুক্ত নিৰ্ধাৰিত দৰমহা আৰু অৱসৰকালীন সুবিধা নিশ্চিত কৰি তেওঁলোকৰ আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবনে, নে স্বাস্থ্য বিভাগৰ এই প্ৰকৃত নায়িকাসকল সদায় চৰকাৰী উদাসীনতাৰ বলি হৈয়ে ৰ'ব, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।
তেজপুৰৰ পৰা দেৱ কুমাৰ হাজৰিকাৰ ৰিপোৰ্ট, অসম লাইভ ৩৬৫
Tags
প্ৰবন্ধ
